Bob Dylanৰ গীতিকবিতা Blowin’ in the Windৰ মুকলি অসমীয়া ৰূপান্তৰ

সোধা আকাশক সোধা বতাহক

(পুলক জ্যোতি শৰ্মা)

জীৱন পৰিক্ৰমাত কোনটো ঢাপ অতিক্ৰম কৰাৰ পিচত

এজন মানুহক আচলতে মানুহ বুলিব পাৰি

ডেউকা কোবাই কিমানবাৰ সাগৰ-মহাসাগৰ পাৰ কৰাৰ পিচত

বগা কপৌজনীক নীৰৱে অকণ শুবলৈ দিব পাৰি

আৰু কিমানবাৰ অগ্নি বৰষোৱাৰ পিচত

কামানৰ গোলাবোৰ চিৰকাললৈ নিষিদ্ধ কৰিব পাৰি

তাৰ উত্তৰ বিয়পি আছে আকাশত বিয়পি আছে বতাহত

বান্ধ উত্তৰ সোধা আকাশক সোধা বতাহক


একোটা পৰ্বত কণ কণকৈ গলি সাগৰত বিলীন হৈ যাবলৈ

কিমান যুগ লাগে কিমান যুগ

নিষ্পেষিত বঞ্চিত সকলো মানুহ মুক্ত বুলি একটানে কবলৈ

কিমান বছৰ লাগে কিমান বছৰ

আৰু শোষিত লাঞ্চিতৰ দূৰ্দশা দেখিও নেদেখাৰ ভাওধৰি থাকিবলৈ

মানুহে কিমান দিন পাৰে কিমান দিন

তাৰ উত্তৰ বিয়পি আছে আকাশত বিয়পি আছে বতাহত

বান্ধ উত্তৰ সোধা আকাশক সোধা বতাহক


কিমানবাৰ ওপৰলৈ মূৰতুলি চোৱাৰ পিচত

অন্তৰে আকাশখন উপলব্ধি কৰিব পাৰে

কিমান কান্দোনৰ ধ্বনিয়ে বুকুত খুন্দিওৱাৰ পিচত

হৃদয়ত কান্দোনৰ সমব্যথাৰ অনুৰণন উঠিব পাৰে

আৰু কিমান মৃত্যুৰ দৃশ্যত নিৰ্বিকাৰ হৈ থকাৰ পিচত

বুকুৱে ভাৰাক্রান্ত হৈ অনুভৱ কৰিব পাৰে -- বহুত হ’ল বহুত মৃত্যু হ’ল

তাৰ উত্তৰ বিয়পি আছে আকাশত বিয়পি আছে বতাহত

বান্ধ উত্তৰ সোধা আকাশক সোধা বতাহক


--------------------------------------------

Blowin’ in the Wind

(Bob Dylan)

How many roads must a man walk down

Before you call him a man?

How many seas must a white dove sail

Before she sleeps in the sand?

Yes, 'n' how many times must the cannon balls fly

Before they're forever banned?

The answer, my friend, is blowin' in the wind

The answer is blowin' in the wind


Yes, 'n' how many years can a mountain exist

Before it is washed to the sea?

Yes, 'n' how many years can some people exist

Before they're allowed to be free?

Yes, 'n' how many times can a man turn his head

And pretend that he just doesn't see?

The answer, my friend, is blowin' in the wind

The answer is blowin' in the wind


Yes, 'n' how many times must a man look up

Before he can see the sky?

Yes, 'n' how many ears must one man have

Before he can hear people cry?

Yes, 'n' how many deaths will it take 'til he knows

That too many people have died?

The answer, my friend, is blowin' in the wind

The answer is blowin' in the wind



********